Saturday, October 19, 2019

অসম নামৰ উৎপত্তি আৰু বিৱৰণ

অসম নামৰ উৎপত্তি  অাৰু বিৱৰণ
********************************

অসম ভাৰতৰ উত্তৰ-পূবত অৱস্থিত সাংস্কৃতিক আৰু ভৌগোলিক ভাৱে এখন পৃথক ৰাজ্য। ইংৰাজে অসম দখল কৰাৰ আগতে অসম এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ আছিল৷[উদ্ধৃতিৰ প্ৰয়োজন] ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়৷ ভাৰতৰ স্বাধীনতা আন্দোলনত আন প্ৰদেশৰ নিচিনাকৈ অসমৰ জনসাধাৰণেও গুৰুত্বপূৰ্ণভাবে অংশগ্ৰহণ কৰে আৰু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত অসম স্বাধীন ভাৰতৰ এখন অন্তৰঙ্গ প্ৰদেশ হিচাপে গঠিত হয়৷ ব্ৰিটিছ-শাসিত ভাৰত আৰু আধুনিক কালতো অসম এখন মুখ্য প্ৰদেশ আছিল, কিন্তু পিছলৈ এই অঞ্চল বিভিন্ন ৰাজ্যত বিভক্ত হয়। অসমৰ ৰাজধানী হৈছে দিশপুৰ৷ অসম ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ লগতে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পৰ্বতক সামৰি ৩০,২৮৫ বৰ্গমাইল (৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ জুৰি আছে৷ অসমক সাত ভনীৰ বাকী ছয়খন ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, আৰু মেঘালয়ে আৱৰি আছে৷ আনহাতে অন্য এখন ৰাজ্য পশ্চিমবংগ অসমৰ লগত সংযোগ হৈ আছে। অসম ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰে যুক্ত হৈ দক্ষিণ-পূৰ্ব-এছিয়াৰ বিভিন্ন সাংস্কৃতিক সমল আহৰণ কৰিছে৷ কাজিৰঙাৰ এশিঙীয়া গঁড়, চাহ, মুগা আদিৰ বাবে অসম পৃথিৱীত বিখ্যাত হৈ আছে।

অসম নামৰ উৎপত্তি :-

অসম’ নামটোৰ উৎপত্তি সম্বন্ধে সঠিককৈ ক’ব নোৱাৰি| পূৰ্বতে এই ভূখণ্ডকামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ ৰাজ্য নামেৰে প্ৰসিদ্ধ আছিল আৰু তাৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ (পূবৰ পোহৰৰ নগৰ) আছিল আজিৰ গুৱাহাটী বা তাৰ দাঁতি-কাষৰীয়া অঞ্চল|ত্ৰয়োদশ শতিকা মানত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত ‘অসম’ নামটোৰ প্ৰচলন হয়| আহোম স্বৰ্গদেউসকলৰ দিনত ৰচিত বুৰঞ্জী, সাহিত্য, চৰিত পুথি আৰু বৈষ্ণৱ সাহিত্যত পঞ্চদশ শতিকামানৰ পৰা অছম, আছাম, অসম, আসম, আসাম, অহম, আহম, আহোম আদি শব্দৰ প্ৰচলন লক্ষ্য কৰা যায়|
অসম নামৰ উৎপত্তি সম্বন্ধে কোনো কোনো পণ্ডিতে মত পোষণ কৰে যে, এই ভূখণ্ডপৰ্বত-পাহাৰেৰে অসমান হোৱা বাবেই ইয়াৰ নাম অসম হ’ল। আনহাতে, এনেকুৱাও হ’ব পাৰে যে, প্ৰাকৃতিক সৌন্দৰ্যত অসমৰ সমতুল্য আৰু কোনো নাই বাবে অসমৰ নাম ‘অ-সম’ হ’ল। আন কোনো কোনো পণ্ডিতৰ মতে আহোম ৰজাসকলে শাসন কৰিছিল বাবেই ‘আহোম’ শব্দটোৰ পৰা অসম হৈছে। কিন্তু অসম শব্দটোৰ পৰা আহোম হৈছেনে, আহোম শব্দটোৰ পৰা অসম হৈছে, তাক সঠিককৈ ক’ব নোৱাৰি| সংস্কৃতত ‘অ-সম’ শব্দটোৰঅৰ্থ ‘যাৰ সমান কোনো নাই’ অথবা প্ৰতিদ্বদ্বীহীন, অদ্বিতীয়। অৰ্থাৎ, এই ভূখণ্ডত বাস কৰা মানুহখিনিৰ সমান আৰু কোনো ক’তো নাই। ডঃ বাণীকান্ত কাকতিৰ মতেও অপৰাজেয় আৰু অদ্বিতীয় অৰ্থ বুজাবৰ বাবেহে ‘আ-ছাম’ শব্দৰ জ হৈছে। টাইআৰু প্ৰাচীন আহোম ভাষাত ‘ছাম’ মানে পৰাজিত। তাৰ লগত অসমীয়া ‘আ’ উপসৰ্গ যোগকৰিলে হয় ‘আ-ছাম’, অৰ্থাৎ, অপৰাজেয় অথবা বিজয়ী।

Share:

2 comments:

Popular Posts