Sunday, February 10, 2019

সৰস্বতী পূজাৰ আধ্যাত্মিক ৰহস্য

প্ৰাচীন যুগৰে পৰা হিন্দু ধৰ্মত বহুতো দেৱদেৱীৰ পূজা-অৰ্চনা চলি আহিছে ৷ দেৱ-দেৱীৰ পূজাই মনোপ্ৰনোদিত বৰ পূৰণ কৰে বুলি এক বিশ্বাস প্ৰচলন হৈ আছে ৷ হিন্দু ধৰ্মৰ জ্ঞান, বুদ্ধি, সুৰৰ দেৱী হিচাপে খ্যাত দেৱী সৰস্বতীৰ পূজাও এক অন্যতম পূজা ৷

জন্ম- সেইদিনা আছিল বসন্ত পঞ্চমী ৷ ব্ৰহ্মাদেৱ তেতিয়া সৃষ্টি ৰচনা কৰি গৈ আছে কিন্তু ব্ৰহ্মাই যিমানেই সৃষ্টি ৰচনা কৰিছে সিমানেই সৃষ্টিত এক অকল্পনীয় হতাশা, মৰক, অপশক্তিৰ আবিৰ্ভাৱ হৈছিল ৷ চৌদিশৰ গছ বনবোৰ শুকাই মৰহি গৈছিল ৷ জীৱৰ বাবে খাবলৈ থাকিবলৈ ঠাইৰ অভাৱ হৈছিল ৷ সৃষ্টিকৰ্তাই এনে পৃথিৱীৰ আকাল অৱস্থা দেখি বহু চিন্তাত পৰিবলৈ ধৰিলে আৰু চিন্তা কৰি থাকোতেই ব্ৰহ্মাৰ মুখখন মাজতে বৰকৈ মেল খাই গ'ল ৷ তেতিয়াই ব্ৰহ্মাৰ মুখৰ পৰা হাতত এখন সুন্দৰ বীণা লৈ এগৰাকী শ্বেত দেৱীৰ উৎপত্তি হ'ল ৷ সেই দেৱী ইমানেই অপৰূপা আছিল যে দেৱীৰ আগমনত পৃথিৱী উজ্জ্বলি উঠিছিল৷ দেৱীয়ে যেতিয়াই হাতৰ বীণা বজাবলৈ ধৰিলে তেতিয়াই পৃথিৱীৰ পৰা অশান্তি, মৰক সকলো দূৰ হ'ল তথা পৃথিৱী নতুন ৰূপে ফলে ফুলে জাতিষ্কাৰ হৈ পৰিল ৷ ব্ৰহ্মাই তেতিয়াৰ পৰাই সেই দেৱীক সৰস্ব দেৱী অৰ্থাৎ সৰস্বতী দেৱী বুলি আখ্যা
দিলে ৷ সেই তাহানিৰ পৰাই প্ৰতি বসন্ত পঞ্চমীত দেৱী সৰস্বতীৰ জন্মদিন হিচাপে দেৱীৰ পূজা কৰি অহা হৈছে ৷

দেৱীৰ বৰ্ণনা - দেৱী অপৰূপ সুন্দৰী আৰু পদ্মসনা দেৱীৰ বৰণ হ'ল গাঢ় শ্বেত৷দেৱীয়ে বগাবৰণৰ সাজ পৰিধান কৰে ৷ দেৱীৰ চাৰি বাহু যুক্ত । প্ৰথমৰ ওপৰৰ হাত দুখনত দেৱীয়ে বেদ আৰু জপমালা পৰিধান কৰে আৰু তলৰ হাত দুখনে এখন বীণা লয় ৷ দেৱীৰ বাহন হ'ল ৰাজহংস ৷ দেৱীয়ে মূৰত মুকুট আৰু ককালত কিৰিটি পৰিধান কৰে, ডিঙিত বগা মালা ৷ বগা কমল দেৱীৰ প্ৰিয়৷ দেৱী অত্যন্ত শান্ত প্ৰকৃতিৰ ৷ দেৱী গহীন-গম্ভিৰ ৷ যি মন্দিৰত দেৱীয়ে এবাৰ প্ৰৱেশ কৰে তাৰ পৰা কেতিয়াও প্ৰস্থান নকৰে ৷ দেৱীৰ নিৱাস ব্ৰহ্মলোক ৷ শাৰদা, শতৰূপা, বীণাপাণি, বীণাবাদিনী, বাগদেৱী, বাগেশ্বৰী, ভাৰতী, বাণী, কৌশিকী ইত্যাদি দেৱীৰ অন্য নাম ৷ দেৱীৰ পিতৃ ব্ৰহ্মা যদিও ব্ৰহ্মাই দেৱীৰ সুন্দৰতাত মোহ গৈ স্বয়ং নিজ পুত্ৰীকে বিবাহ কৰিছিল ৷ ব্ৰহ্মা আৰু সৰস্বতীৰ পুত্ৰ আছিল মহাঋষী মনু । বিষ্ণুৰ অভিশাপৰ ফলত দেৱী সৰস্বতীয়ে পৃথিৱীত "সৰস্বতী" নদী হিচাপে জন্ম লাভ কৰিছিল ৷ মোহৰৰ শাৰদা মন্দিৰ, পুষ্কৰৰ সৰস্বতী মন্দিৰ শৃংগেৰী মন্দিৰ, কৌত্তয়মৰ সৰস্বতী মন্দিৰ, নিজামাবাদৰ শ্ৰী জ্ঞান সৰস্বতী মন্দিৰ ইত্যাদি ভাৰতৰ জনপ্ৰিয় সৰস্বতী মন্দিৰ ।

পূজা - দেৱীৰ পূজা কৰিলে দেৱীয়ে সকলোকে নিৰ্ভয়তা প্ৰদান কৰে তথা অজ্ঞাৰ আন্ধাৰ বিনাস কৰে ৷ দেৱীৰ হাতৰ বেদ আৰু জপমালাৰ অৱস্থিতিয়ে পৃথিৱীত ঈষনিষ্ঠা আৰু সাত্বিকতা বৰ্ধন কৰে ৷ বিৰ্মূতি, প্ৰমাদ, দীৰ্ঘসুত্ৰতা, অৰুচী, কল্পনা শক্তিৰ অভাৱ, অসময়ানুবৰ্তিতা আদিৰ দৰে কাৰণৰ পৰাও দেৱীৰ পূজায়ে উদ্ধাৰ কৰে ৷ মস্তিষ্ক তন্ত্ৰৰ লগত জড়িত অনিদ্ৰা, মূৰৰ বিষ, হতাশা, ভাগৰ ইত্যাদি বোৰক সৰস্বতী বন্দনাই নাশ কৰে ৷
কমবুদ্ধিৰ লোকৰ বাবে গায়ত্ৰী মহাশক্তিৰ সৰস্বতী তত্ব বহু পৰিমাণে ফলপ্ৰসূ । দেৱীৰ পূজা কৰিলে দেৱীয়ে ব্যাম, অভ্যাস অধ্যয়ন, সামৰ্থ প্ৰক্ৰিয়া আদিৰ বিকাশ সাধন হয় ৷ শাস্ত্ৰীয় উপকৰণৰে কৰা দেৱীৰ পূজাই বৌদ্ধিক ক্ষমতা বিকশাই তুলে ৷ দেৱীৰ পূজাৰ হোম বিধিয়ে অজ্ঞানকাক ধ্বংস কৰে ৷

সংগ্ৰহীত পুথি সমূহ - সৰস্বতী পুৰাণ আৰু ব্ৰহ্ম পুৰাণ ।

Share:

0 comments:

Post a Comment

Popular Posts